পৃথিৱীৰ কাষলৈ বিশাল উল্কাপিণ্ড, চিন্তিত নাছা !

DY365
DY365
Published: November 12,2024 05:33 PM
DY365

Story highlights

পৃথিৱীৰ কাষলৈ বিশাল উল্কাপিণ্ড, চিন্তিত নাছা !

১২ নৱেম্বৰ,২০২৪-  পৃথিৱীৰ কাষলৈ বিশাল উল্কাপিণ্ড, চিন্তিত নাছা ! 



 এটা বিশাল উল্কাপিণ্ডক লৈ চিন্তিত হৈ পৰিছে নাছা। প্ৰকাণ্ড ডাঙৰ এই উল্কাপিণ্ডটোৱে যদি পৃথিৱীৰ পৃষ্ঠভাগ স্পৰ্শ কৰে তেন্তে ই বৃহৎ ধ্বংসৰ সৃষ্টি কৰিব। এই উল্কাপিণ্ডৰ বিস্ফোৰণ শ শ পাৰমাণৱিক বোমা বিস্ফোৰণৰ সমতুল্য হ’ব। 
উল্কাপিণ্ডবোৰ আচলতে ক্ষুদ্ৰ ক্ষুদ্ৰ গ্ৰহ। যিবোৰ সূৰ্য্যৰ চাৰিওফালে ঘূৰি থকা গ্ৰহ আৰু নক্ষত্ৰ গঠনৰ সময়ত সৰু সৰু টুকুৰাত ভাঙি যায়। ১৩ নৱেম্বৰত এই উল্কাপিণ্ড পৃথিৱীৰ অতি ওচৰলৈ আহিব। এই উল্কাপিণ্ডৰ নাম স্পেচ ৰক ৯৯৯৪২ এপফিছ। আমাৰ গ্ৰহটোৰ মহাকৰ্ষণীয় টানৰ বাবে ই পৃথিৱীৰ পৰা ১৯,০০০ মাইল দূৰত থাকিব।
প্লেনেটাৰী ছ’চাইটিৰ মতে উল্কাপিণ্ডৰ প্ৰভাৱ কেইবাশ পাৰমাণৱিক বোমাৰ সমান হ’ব। যোৱা ২০ বছৰ ধৰি উল্কাপিণ্ড নাছাৰ বাবে চিন্তাৰ বিষয় হৈ আহিছে। কাৰণ উল্কাপিণ্ডৰ পৃথিৱীৰ লগত সংঘৰ্ষ হোৱাৰ আশংকা থাকে। ২০০৪ চনত আৱিষ্কাৰ হোৱাৰ পিছৰে পৰা ই পৃথিৱীৰ বাবে বিপদজনক হৈ পৰিছে। কিন্তু ভাল খবৰ এইটোৱে যে নাছাৰ চেণ্টাৰ ফৰ নিয়াৰ-আৰ্থ অবজেক্ট ষ্টাডিজৰ তথ্য অনুসৰি এই উল্কাপিণ্ডটোৱে অন্ততঃ আগন্তুক ১০০ বছৰলৈ পৃথিৱীত খুন্দা মৰাৰ কোনো আশংকা নাই। জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ৰ’নাল্ড-লুইছ বালুজৰ নেতৃত্বত গৱেষকৰ এটা দলে কয় যে যদি উল্কাপিণ্ড পৃথিৱীৰ মহাকৰ্ষণ ক্ষেত্ৰৰ মাজেৰে পাৰ হৈ যায় তেন্তে পৃথিৱীৰ পৃষ্ঠত প্ৰবল জোকাৰণি পৰিব পাৰে।


TWITTER

FACEBOOK